43
newsnextone.com | হাওৰাঘাটঃ কাৰ্বি পাহাৰৰ হাওৰাঘাট মহকুমা বিহু উদযাপন সমিতিৰ উদ্যোগত শুকুৰবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে হাওৰাঘাট শংকৰ মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হৈছে বিহু সন্মিলন।
কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদৰ হাওৰাঘাট আঞ্চলিকৰ সহযোগত চতুৰ্থ বাৰ্ষিক ব’হাগী উৎসৱৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি ৰঞ্জন বৰগোঁহাইয়ে।