newsnextone.com | ডিজিটেল ডেস্কঃ লালু পুত্ৰ তেজ আৰু ঐশ্বৰ্য্যৰ বিয়াৰ মাজতে লাগিল গণ্ডগোল৷ পাতনাত আয়োজিত তেজ-ঐশ্বৰ্য্যৰ বিয়া চলি থকাৰ সময়তে একাংশ নিমন্ত্ৰিত লোকে খাদ্য সামগ্ৰী দলিওৱাৰ লগতে বাচন পত্ৰ আদি ভাঙিবলৈ ধৰে৷ আনকি তেজপ্ৰতাপৰ বিবাহত নিমন্ত্ৰিত সাংবাদিকসকলৰ ওপৰতো আক্ৰমণ হয়৷
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপৰ বিবাহ শনিবাৰে ঐশ্বৰ্য্য ৰায়ৰ লগত সম্পন্ন হয়৷ কিন্তু চৰ্চিত আৰু ব্যয়বহুল বিবাহখনত মাজভাগতে পয়মাল লাগে৷ জনতা দলৰ কিছু কৰ্মকৰ্তাই বিয়াত অনাধিকাৰ প্ৰৱেশ কৰি খাদ্যসামগ্ৰী দলিয়াবলৈ আৰম্ভ কৰে৷ আনহাতে উদণ্ড যুৱক কেইজনমানে বিয়াৰ ৰভাতলৰ চকী-টেবুল আদি ভঙাৰ উপৰিও বহু সামগ্ৰী লুট কৰে৷