newsnextone.com | পাঠশালাঃ সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ দল-সংগঠনেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ সত্ৰনগৰী খ্যাত বৰপেটাবাসীয়ে বিভিন্ন দল-সংগঠনৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে দেওবাৰে জিলা খনৰ পাঠশালাত কবি, সাংবাদিক, জ্যেষ্ঠ নাগৰিক, ছাত্ৰ নেতাৰ উপস্থিতিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জনজাগৰণ সভা অনুষ্ঠিত হয়৷
পাঠশালাৰ বজালীৰ কেইবাগৰাকী যুৱ সমাজকৰ্মীৰ উদ্যোগত অনুষ্ঠিত সভাত যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কবি নালিম কুমাৰ উপস্থিত থাকে৷ নীলিম কুমাৰে দেশ আৰু জাতিৰ স্বাৰ্থত কবি, সাহিত্যিক বুদ্ধিজীৱী, সচেতন নাগৰিক, ছাত্ৰ সমাজক ওলাই আহি এই বিধেয়কৰ বিৰুদ্ধে প্ৰবল জনমত গঢ়ি তুলিবলৈ আহ্বান জনায়৷ কবিতাৰ ভাষাৰে জাতি উদ্ধাৰৰ বাবে এতিয়াই ওলাই নাহিলে কেতিয়া আহিবা বুলিও প্ৰশ্ন উত্থাপন কৰে কবিগৰাকীয়ে৷