newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে ৯৯ খন আসনত জয়ী হৈছে। আনহাতে ৫ খন আসনত আগবাঢ়ি আছে বিজেপিয়ে৷ কংগ্ৰেছে এতিয়া লৈ ৭১ খন আসনত জয়ী হোৱাৰ লগতে ৭ খন আসনত আগবাঢ়ি আছে৷ জেডিএছে ৩৩ খন আসনত জয়ী হোৱাৰ লগতে ৫ খন আসনত আগবাঢ়ি আছে৷
জেডিএছ অবিহনে কংগ্ৰেছ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে৷ পুনৰ শাসনৰ গাদী দখল কৰাৰ দিশে বিজেপি আগবাঢ়িছে যদিও সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ আশা ক্ষীণ দেখা গৈছে৷ কিন্তু বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পৰা পিছ পৰি ৰ’ব বুলি কৰা অনুমান সঁচা হৈছে৷