Newsnextone | ডিজিটেল ডেস্কঃ শনিবাৰে এদিনীয়া ভ্ৰমণসূচীৰে কাশ্মীৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ কাশ্মীৰত প্রধানমন্ত্ৰী মোডীয়ে লাডাখ আৰু দেশৰ কেইবাটাও অংশ সংযোগ কৰা জোজিলা সুৰংগৰ আধাৰশিলা উন্মোচন কৰিব৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে কাশ্মীৰত উপস্থিত হৈয়ে লদাখী অধ্যাত্মিক নেতা কুশাক বাকুলাৰ শতবাৰ্ষিকী সমাৰোহত অংশগ্ৰহণ কৰে৷
আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩৩০ মেগাৱাট সম্পন্ন কিশানগংগা বিদ্যুত আঁচনি খনৰো উদ্ধোধন কৰিব৷ এই আঁচনিখনৰ উন্নয়নৰ দায়িত্ব গ্ৰহণ কৰিছিল খোদ প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে৷ শ্ৰীনগৰ চহৰৰ ডাল হ্ৰদত অৱস্থিত চেৰ-এ-কাশ্মীৰ কনভেচনেল চেন্টাৰৰ পৰা আঁচনিখনৰ উদ্ধোধন কৰা হ’ব৷