60
newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান বেবেজীয়া নৱ প্ৰজন্ম যুৱ মঞ্চৰ উদ্যোগত প্ৰথম বাৰ্ষিক ব’হাগী বিদায় উৎসৱ দেওবাৰে বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷
পুৱা ৯ বজাত সমাজকৰ্মী নোমল চন্দ্ৰ বৰাই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ পাতনি মেলাৰ পিছতে বিহু পতাকা উত্তোলন কৰে সৰবৰহী ব্যক্তি তৰুণ সেন ডেকাই৷ ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷