Home ৰাজ্যকঁপি উঠিল তিনিচুকীয়া চহৰ, ঘৰৰ পৰা ওলাই আহিল হাজাৰ হাজাৰ লোক, চাহপাত নিচিঙিলে শ্ৰমিকে

কঁপি উঠিল তিনিচুকীয়া চহৰ, ঘৰৰ পৰা ওলাই আহিল হাজাৰ হাজাৰ লোক, চাহপাত নিচিঙিলে শ্ৰমিকে

by News Desk
58 views
A+A-
Reset

newsnextone.com | ডিব্ৰুগড়ঃ বুধবাৰে তিনিচুকীয়া চহৰত কুৰিতাতকৈ অধিক সংগঠনৰ নেতৃত্বত কেইবাশতাধিক লোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কুৰিটা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সহযোগত তিনিচুকীয়া থানা চাৰিআলিৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিশাল প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে৷ 

সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত সংগঠন সমূহে স্বাক্ষৰ কৰা যৌথ স্মাৰক পত্ৰৰ লগতে ৩৫হাজাৰ নাগৰিকৰ স্মাৰক পত্ৰ, ২হাজাৰ বিভিন্ন সংগঠনৰ স্মাৰক পত্ৰ তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ জৰিয়তে যুটীয়া সংসদীয় সমিতি, ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী, গৃহমন্ত্ৰী, অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল নকৰা পৰ্যন্ত সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্প গ্ৰহণ কৰে সংগঠনসমূহে। সমদলত ১৫সহস্ৰাধিক ৰাইজে অংশ গ্ৰহণ কৰে। তিনিচুকীয়া জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ আহ্বানমৰ্মে জিলাখন চাহ খেতিয়কসকলে কেচা চাহপাত চিঙাৰ পৰা বিৰত থাকি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0