newsnextone.com | ডিজিটেল ডেস্কঃ টকাৰ বাবে মানুহে কি কি কৰিব পাৰে? কাৰোৱাক হত্যা কৰিব পাৰে, অপহৰণ কৰিব পাৰে৷ প্ৰলোভন অথৱা মিছা মাতিবও পাৰে পইচাৰ কাৰণে৷ পইচাৰ কাৰণে এনে বহু কাণ্ড সংঘটিত কৰাৰ বিষয়ে বাতৰি প্ৰকাশ হৈয়ে থাকে৷ কিন্তু পইচাৰ কাৰণে ৫ মাহ আগতে মৃত্যু ঘটা এগৰাকী মহিলাক লুকুৱাই ৰাখিব পাৰে নে?
শুনি আচৰিত যেন লাগিলেও এনে কাণ্ডই সংঘটিত হৈছে এইখন ভাৰতত৷ পইচাৰ লোভত এগৰাকী বৃদ্ধাৰ মৃতদেহ লুকুৱাই ৰাখিছিল সন্তানে৷ বৃদ্ধা গৰাকীয়ে লাভ কৰি অহা স্বামীৰ পেঞ্চনৰ ধনখিনিৰ বাবেই ৪ পুত্ৰ আৰু এগৰাকী জীয়াৰীয়ে ৫ মাহ ধৰি ঘৰৰ ভিতৰত লুকুৱাই ৰাখিছিল মাতৃৰ মৃতদেহ৷