newsnextone.com | মুছলপুৰঃ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ আন কেইবাখনো জিলাৰ দৰেই বিটিএডিৰ বাক্সা জিলাৰ দুগৰাকী ছাত্ৰীয়ে প্ৰথম দহগৰাকীৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হয়৷ জিলাখনৰ গোৰেশ্বৰৰ অনিন্দিতা মেধী আৰু বৰমাৰ জিন্টি দেৱীয়ে প্ৰথম দহগৰাকীৰ ভিতৰত স্থান দখল কৰে৷
বৰমাৰ জিণ্টি মেধীয়ে তৃতীয় স্থান দখল কৰাৰ লগতে গোৰেশ্বৰৰ অনিন্দিতা মেধীয়ে অষ্টম স্থান দখল কৰে৷ বাক্সা জিলাৰ গোৰেশ্বৰৰ ৰেইনবো ইংলিচ স্কুলৰ ছাত্ৰী অনিন্দিতা মেধীয়ে অষ্টম স্থান লাভ কৰে ৫৮৬ নম্বৰ লাভ কৰি৷ কমল মেধী আৰু স্বৰ্ণলতা মেধীৰ একমাত্ৰ কন্যা অনিন্দিতা মেধী। পিতৃ কমল মেধী গোৰেশ্বৰস্থিত শুক্লা জলসিঞ্চন প্ৰকল্প কাৰ্যালয়ত এগৰাকী কৃষি সম্প্ৰসাৰণ কৰ্মী হিচাপে কৰ্মৰত।