newsnextone.com | চামগুৰিঃ ৰাজ্যৰ বিভিন্ন জিলাত স্থানপ্ৰাপ্তক লৈ আনন্দ উছাহ অব্যাহত আছে৷ সমানে স্থান নাপালেও আন বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ বহু বিদ্যালয় উজলি উঠিছে৷ সামগ্ৰীক ভাবে নগাঁও জিলাৰ পুৰণিগুদাম আৰু বঢ়মপুৰ অঞ্চলৰ বিদ্যালয়সমূহে পূৰ্বৰ দৰেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়।
বহু দৰিদ্ৰ পৰিয়ালৰ মেধাবী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে যদিও নামভৰ্তিৰ মাচুল আদি যোগাৰ কৰিবৰ লবাবে চিন্তাক পৰিছে৷ বহু দিন হাজিৰা কৰা পিতৃয়ে দিন হাজিৰা কৰি উপাৰ্জন কৰা টকাৰে পঢ়াৰ খৰচ বহন কৰি নিজ সন্তানক পঢ়ুৱাৰ ফলত পৰিশ্ৰমে ফলধৰিছে বুলি কব পাৰি৷