64
newsnextone.com | ডিব্ৰুগড়ঃ প্ৰচুৰা সম্ভাৱনা থাকিলে পৰীক্ষাত উজলি উঠিবলৈ দৰিদ্ৰতা হেঙাৰ হ’ব নোৱাৰে৷ কষ্ট আৰু সাধনা কৰিব পাৰিলে দৰিদ্ৰতাকো ওফৰাব পাৰি৷ ইয়াকে প্ৰমাণ কৰিলে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বাৰৱী দাসে৷
শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৫টা বিষয়ত লেটাৰ নম্বৰ সহ মুঠ ৫১০ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে দৰিদ্ৰ পৰিয়ালৰ কন্যা বাৰৱী দেৱীয়ে৷