62
newsnextone.com | নগাঁওঃ ৰাজ্যত আজিও অব্যাহত আছে নিষিদ্ধ ড্ৰাগছ-ব্ৰাউন চুগাৰৰ ব্যৱসায়৷ ৰাজ্যৰ কেইবাখনো জিলাত নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় দ্ৰুত গতিত চলি থকা বুলি অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে শুকুৰবাৰে নিশা নগাঁও জিলাত জালত পৰে এগৰাকী ব্ৰাউন চুগাৰৰ ব্যৱসায়ী৷
নগাঁৱৰ হয়বৰগাঁও আৰক্ষীৰ অভিযানত এখন গাড়ী সহ জালত পৰা এগৰাকী যুৱক। নগাঁও চহৰৰ তেলীয়াপট্টিত শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই আটক কৰে ৰব্বু আমিন নামৰ যুৱকজনক।