newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কৰ্ণাটক কংগ্ৰেছৰ নৱ নিৰ্বাচিত বিধায়ক সিদ্ধু বি ন্যমাগৌড়াৰ সোমবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয়৷ জানিব পৰা মতে, ৬৭ বৰ্ষীয় বিধায়ক গৰাকীয়ে গোৱাৰ পৰা জমখাণ্ডীলৈ উভটাৰ পথত তুলসীবাৰীত দুৰ্ঘটনাগ্ৰস্থ হৈ মৃত্যুমুখত পৰে৷
জানিব পৰা মতে, ন্যমগৌড়া গোৱা এয়াৰপৰ্টৰ পৰা পুৱা ৪.৩০ বজাত জমখাণ্ডীলৈ উভটিছিল৷ তেওঁ যাত্ৰা কৰি থকা ইন’ভা গাড়ী খনে সন্তোলন হেৰুৱাই পথৰ দাঁতিত থকা পকী বেৰত খুন্দা মৰাত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে৷