newsnextone.com | চাবুৱাঃ মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱা বিধান সভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই নিজ সমষ্টিত ২৬ মে’ৰ নিশা এটি বিহুৰ অনুষ্ঠানত অংশ লৈ বিদেশী সংস্থাপনৰ বিৰোধিতা কৰি যদি বিদেশী আহে তেন্তে মই বিধায়ক পদ এৰি দিম বুলি কয়৷ তাৰ পিছতে এই মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে৷ সংবাদ মাধ্যমত এই মন্তব্যই চৰ্চা লাভ কৰাৰ লগতে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰে৷ খোদ বিধায়কগৰাকীৰ সমষ্টিৰ একাংশ যুৱকে বিধায়কগৰাকীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছচিয়েল মিডিয়া যোগে৷ একাংশ যুৱকে বিধায়কগৰাকীক নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সমৰ্থকসকলক লৈ প্ৰতিবাদ কৰি দেখুৱাবলৈ প্ৰত্যাহ্বান জনাই৷
59