newsnextone.com | নগাঁওঃ অসম আন্দোলনৰ ফলশ্ৰুতিত প্ৰতিষ্ঠা হোৱা অসম গণ পৰিষদ দলে ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ উজনি-নামনিত দলটোৰ বিভিন্ন জিলা সমিতি, আঞ্চলিত সমিতিয়ে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি বিধেয়কৰ বিৰোধিতা কৰি আহিছে৷ বিজেপিৰ সৈতে একেলগে মিত্ৰজোঁটৰ চৰকাৰ চলাই থকাৰ পিছতো দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰি গৈছে বিধেয়কৰ বিৰুদ্ধে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসমত মতামত লবলৈ অহাৰ সময়ত যুটীয়া সংসদীয় সমিতিক দলে বলে গৈ দলটোৰ নেতাসকলে বিধেয়কৰ বিৰুদ্ধে মত দিয়ে৷
সমানে ৰাজ্যজুৰি গণ স্বাক্ষৰ সংগ্ৰহ কৰি দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, যুটীয়া সংসদীয় সমিতি আৰু মুখ্যমন্ত্ৰীক প্ৰদান কৰি আহিছে৷ ৰাজপথৰ দাতিত বহি, ৰাজহুৱা স্থানত দলটোৱে বাটৰুৱা, ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী আদিৰ পৰা আজিও স্বাক্ষৰ সংগ্ৰহ কৰি আহিছে৷ ‘আহ ঐ আহ, গণ স্বাক্ষৰ কৰিবলৈ ওলাই আহ, আহ ঐ আহ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গণ স্বাক্ষৰ কৰিবলৈ ওলাই আহ’ শ্ল’গানেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো স্বাক্ষৰ সংগ্ৰহ অভিযান অব্যাহত ৰাখিছে দলটোৱে৷