newsnextone.com | গুৱাহাটীঃ মাজতে কিছুদিন বিতৰ্কৰ পৰা আঁতৰত আছিল অসমৰ যুৱ প্ৰজন্মৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ৷ পূৰ্বে বিহুৰ মঞ্চত ইটোৰ পিছত সিটো বিতৰ্ক কৰিছিল যদিও এইবেলি জুবিনে বিতৰ্কহীনভাৱে অনুষ্ঠান পৰিৱেশন কৰি আহিছে৷ কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিছিল৷
কিন্তু ব’হাগ বিহু বিদায়ৰ মুহূৰ্তত বিতৰ্কত সাঙোৰ খাই পৰিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংগীত পৰিৱেশন কৰি হেজাৰ হেজাৰ শ্ৰোতাক মোহাছন্ন কৰি ৰাখিব পৰা জনপ্ৰিয়শিল্পী গৰাকীয়ে কৰা মন্তব্যই সময়ে সময়ে বিতৰ্ক সৃষ্টি কৰি অহাৰ লগতে বিভিন্ন জনৰো সমালোচনাৰো সন্মুখীন হৈ আহিছে জনপ্ৰিয় শিল্পীগৰাকী৷