newsnextone.com | মাৰ্ঘেৰিটাঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত তিনিচুকীয়া জিলাৰ এগৰাকী ছাত্ৰই বাণিজ্য শাখাত প্ৰথম দহগৰাকী স্থানপ্ৰাপ্তৰ ভিতৰত স্থান লাভ কৰে এগৰাকী মেধা ছাত্ৰই৷ ৪৫৭ নম্বৰ লাভ কৰি মাৰ্ঘেৰিটা কলেজৰ বিশাল দেৱনাথ নামৰ ছাত্ৰজনে বাণিজ্য শাখাত নৱম স্থান দখল কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পিছতে ৰাইজে ছাত্ৰজনক লৈ সমদল কৰে৷ উৎফুল্লিত ৰাইজে ছাত্ৰজনক শুভেচ্ছা যাচে৷
বৃহস্পতিবাৰে ঘোষিত হয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল৷ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ বাণিজ্য শাখত শাখাত মুঠ ১৭ হাজাৰ ৭৬৭গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল৷