newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ৷ কৃষকৰ আশানুসাধ্য পৰিশ্ৰম আৰু কষ্টৰ ফলত আজি ভাৰতবাসীয়ে শান্তিৰ দুবেলা দুমুঠি খাব পাই আছে৷ কিন্তু যিয়ে আমাক অন্ন যোগান ধৰিছে, তেওঁলোকৰ সুবিধা অসুবিধাসমূহৰ বিষয়ে কোনেও চিন্তা নকৰে৷ চৰকাৰে কৃষকসকলৰ স্বাৰ্থত কাম কৰিব বুলি নিৰ্বাচনী প্ৰচাৰ চলাই অৱশেষত প্ৰতিশ্ৰুতিৰ পৰা লুটিবাগৰ মাৰি অহা পৰিলক্ষিত হৈছে৷
চীন, জাপানৰ দৰে অন্যান্য ৰাষ্ট্ৰ সমূহে কৃষকৰ বাবে যি যি সুবিধা প্ৰদান কৰে, তাৰ আধা বা এক চতুৰ্থাংশও যদি ভাৰত চৰকাৰে কৃষকসকলক প্ৰদান কৰিলে হেতেন তেন্তে ভাৰতবৰ্ষৰ কৃষি ক্ষেত্ৰৰ অধিক উন্নয়ন হ’ল হেতেন৷ কিন্তু বৰ্তমান, কষ্টৰ উচিত দাম লাভ নকৰি প্ৰতি বছৰে হাজাৰ হাজাৰ কৃষকে আত্মহত্যাৰ পথ বাছি ল’বলগা হৈছে৷