newsnextone.com | ডিজিটেল ডেস্কঃ সাধাৰণ ৰেল যাত্ৰীৰ এটা সমস্যা হৈছে লোকেল ট্ৰেইনৰ অনিৰ্ধাৰিত সময়সূচী৷ প্ৰয়োজনতকৈ পলমকৈ গন্তব্য স্থানত উপস্থিত হোৱা বাব বহু ক্ষেত্ৰত সাধাৰণ ৰেলযাত্ৰী সময়ৰ অসুবিধাৰ সন্মুখীন হয়৷ বিশেষকৈ প্ৰতিদিনে ৰেল যাত্ৰাৰে কৰ্মজীৱন চলাই নিয়া চৰকাৰী-বেচৰকাৰী কৰ্মীসকল ৰেলৰ এই অগতানুগতিকতাৰ বাবে নিৰ্দিষ্ট সময়ত কৰ্মস্থলীত উপস্থিত হোৱাত অসুবিধাৰ সন্মুখীন হয়৷
এই অসুবিধাৰ বিষয়ে উত্থাপন কৰি বিভিন্নজনে সময়ে সময়ে অভিযোগ উত্থাপন কৰি অহা পৰিলক্ষিত হৈ আহিছে যদিও ইয়াৰ এটা উচিত সমাধান চৰকাৰে উলিয়াবলৈ সক্ষম হোৱা নাই৷