newsnextone.com | কোকৰাঝাৰঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ পৰা উত্তীৰ্ণ হোৱা শীৰ্ষ দহ স্থান প্ৰাপ্ত ১২ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সোমবাৰে এবছুৱে কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা প্ৰদান কৰে। কোকৰাঝাৰ চহৰৰ নিকটৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এবছুৱে ১৩তম কমল কুমাৰ বঁটা প্ৰদান কৰে৷
বাক্সা জিলাৰ ইউ এন একাডেমীৰ ৰাইদাও বসুমতাৰী, বাক্সা জিলাৰ মেদাঘাটৰ বাথৌ আশ্ৰম হাইস্কুল সৌৰাংছাৰ বসুমতাৰী, কোকৰাঝাৰ জিলাৰ ইউ এন একাডেমীৰ প্ৰয়াম কুমাৰ ব্ৰহ্ম, হাস্কা জিলাৰ ইউ এন একাডেমীৰ মুলুকমা বড়ো, বাক্সা জিলাৰ মেদাঘাটৰ বাথৌ আশ্ৰম হাইস্কুলৰ ধনমনী ৰামছিয়াৰী, কোকৰাঝাৰ জিলাৰ ইউ এন একাডেমীৰ ধনিষ্ঠা মুছাহাৰী আৰু মানিক বসুমতাৰী, বাক্সা জিলাৰ ইউএন একাডেমীৰ অভিজিৎ ব্ৰহ্ম, বাক্সা জিলাৰ বৰিমাখাৰ বাথৌ আশ্ৰম হাইস্কুলৰ য়ুথৰিয়াসাৰ খুংগুৰ বড়ো, নলবাৰী জিলাৰ বাথৌ আশ্ৰম হাইস্কুলৰ জম্মী নাৰ্জাৰী, শালবাৰীৰ হাতৰ্খী পঢ়াশালীৰ কৃষ্ণাজুলী বড়ো, চিৰাং জিলাৰ উলুবাৰী হাইস্কুলৰ মনজিৎ বসুমতাৰীক কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা প্ৰদান কৰে এবছুৱে৷