newsnextone.com | লিডুঃ উজনি অসমত ড্ৰাগছ, ধোৱা বিহীন ধপাত, মদৰ অবাধ প্ৰচলন অব্যাহত থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ দিনক দিনে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে৷ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে ধপাত, ড্ৰাগছ, ধোৱা বিহীন ধপাতৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ চলাই ৰাইজক সচেতন কৰাৰ চেষ্টা চলাই গৈছে যদিও তেনে সময়তে উজনি অসমৰ কেইবাখনো জিলাৰ বিভিন্ন ঠাইত ড্ৰাগছৰ ব্যাপক প্ৰচলনে যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ আগবঢ়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে৷
বৰবিহ স্বৰূপ ড্ৰাগছে কোঙা কৰি পেলাইছে জিলাকেইখনৰ অলেখ যুৱকক৷ বহু যুৱকে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে৷ তাৰ মাজতে তিনিচুকীয়াত জিলাত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈছে। জীৱন ধ্বংস কৰা এটি বৃহৎ চক্ৰই বহু প্ৰভাৱশালী লোকৰ সৈতে মিলি এই ব্যৱসায় কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷