newsnextone.com | বিহালীঃ বিশ্ব জুৰি এতিয়া ৰমজান মাহৰ উছাহ প্ৰস্ফুতিত হৈ পৰিছে৷ ইছলাম ধৰ্ম আৰু সম্প্ৰীতিৰ অন্যতম ধৰ্মীয় পৰম্পৰা পবিত্ৰ ৰমজান ঈদৰ পূৰ্বে পালন কৰা হয় পবিত্ৰ ৰমজান মাহ৷ ভাতৃত্ব বোধেৰে সামৰ্থবান সকলে ৰোজা ৰখা ভাই-বন্ধু সকলক ইফটাৰীৰ বাবে আমন্ত্ৰণ জনাই পূণ্য অৰ্জন কৰে৷
সমগ্ৰ বিশ্বত ইছলামী কুলৰ লোকসকলে পবিত্ৰ ৰমজান মাহ পালন কৰাৰ সময়তে অসমতো বিভিন্ন দল-সংগঠন আৰু সামৰ্থবান সকলে পবিত্ৰ ৰমজান মাহ উপলক্ষে ইফটাৰী পাৰ্টি আয়োজন কৰা পৰিলক্ষিত হৈছে৷