newsnextone.com | চাবুৱাঃ উজনিৰ ডিব্ৰুগড় জিলাত একত্ৰিত হ’ল ৫৮টা জাতীয়-জনগোষ্ঠীয় সংগঠন৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজ জাগিছে৷ অসমীয়া বিৰোধী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যতেই ব্যাপক পতিবাদ অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত ৫৮টা দল-সংগঠন একত্ৰিত হৈ এক ইতিহাস ৰচনা কৰে৷
অসমৰ দীৰ্ঘ আন্দোলনৰ ইতিহাসত আজিলৈ মন্দিৰ সমিতিৰ পৰা আৰম্ভ কৰি মছজিদ সমিতলৈ একত্ৰিত হোৱাৰ নজিৰ নাই৷ কিন্তু এইবাৰ নজিৰ সৃষ্টি কৰিলে মুখ্যমন্ত্ৰীৰ নিজ সমষ্টি চাবুৱাৰ ৰাইজে৷ চাবুৱাৰ ৰাইজে এফালে গৌৰৱ কৰিছে আনফালে তেওলোকৰ জন্মস্থানৰ এগৰাকী লোকে মুখ্যমন্ত্ৰীৰ পদত থকাৰ সময়তে অসমৰ ৰাইজ আজি ৰাজপথত ওলাই আহিব লগা হোৱাৰ বাবে লজ্জিত হৈছে৷