newsnextone.com | ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগে লগে বিজেপিয়ে নিৰ্বাচনৰ বাবে নতুন নীতি অৱলম্বন কৰি জোৰদাৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷ বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে ‘সমৰ্থনৰ বাবে সম্পৰ্ক’ অভিযান আৰম্ভ কৰি বিভিন্ন বিষয়ৰ প্ৰভাৱশালী লোকসকলক সাক্ষাত কৰি ফুৰিছে৷ যাৰ দ্বাৰা বিজেপিয়ে ২০১৯ৰ লোকসভা নিৰ্বানত সমৰ্থন আৰু সহযোগিতা আদায় কৰিব বিচাৰিছে৷
সমৰ্থনৰ বাবে সম্পৰ্ক অভিযানৰ আধাৰত বুধবাৰে বিজেপি অধ্যক্ষ অমিত শ্বাহে মুম্বাইত উপস্থিত হৈ হিন্দী ছবি জগতৰ মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিত আৰু স্বামী ডা০ শ্ৰীৰাম মাধৱ নেনেক সাক্ষাত কৰে৷ তদুপৰি অমিত শ্বাহে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফৰণবীচৰ সৈতেও সাক্ষাত কৰে৷