53
newsnextone.com | ডিজিটেল ডেস্কঃ মাতৃৰ মমতা অপৰিসীম৷ সন্তানৰ কান্দোনে মাতৃৰো বুকু দহে৷ মাতৃৰ মমতাক সেয়ে কাৰো সতে তুলনা কৰিব নোৱাৰি৷ মাতৃ লাগিলে যাৰেই নহওঁক, মাতৃ সদায় মাতৃয়েই৷
যি মাতৃয়ে জন্ম দিছিল, সেই মাতৃয়ে পৰিত্যক্ত অৱস্থাত পেলাই থৈ গৈছিল এটি সদ্যজাত শিশুক৷ তাৰ পিছত আন এগৰাকী মাতৃয়ে পৰম মমতাৰে নিজৰ বুকুৰ গাখীৰ খুৱাই প্ৰমাণ কৰি দিলে যে মাতৃ প্ৰকৃতকে কাক কয়৷