newsnextone.com | ওদালগুৰিঃ আমাৰ দেশৰ তথা ৰাজ্য খনৰ দৰিদ্ৰ, গৰীৱ, খাটিখোৱা লোকসকলৰ কল্যাণৰ বাবে ন’ ন’ আঁচনি ৰূপায়ন কৰে চৰকাৰে৷ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰি জনসাধৰণৰ কল্যাণৰ বাবে আঁচনি ৰূপায়ন কৰে৷ ৰাজকোষৰ কোটি কোটি টকা চলাধ কৰা হয়৷ মন্ত্ৰী-আমোলাৰ জৰিয়তে এনে আঁচনি সমূহ ৰূপায়ন কৰি জনসাধৰণক সেৱা কৰাৰ চেষ্টা কৰে চৰকাৰে৷
কিন্তু প্ৰকৃততে এনে আঁচনি সমূহৰ পৰা জনসাধৰণে কল্যাণ লাভ কৰে নে৷ যদি গ্ৰাম্য অঞ্চলত ৰূপায়ন কৰা বিভিন্ন আঁচনি প্ৰত্যক্ষ কৰিলে প্ৰতিখন চৰকাৰেই ফেইল মৰা দেখা যায়৷ জলসিঞ্চনৰ পৰা আৰম্ভ কৰি কৃষিলৈ৷ শিক্ষা, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি জনস্বাস্থ্যলৈ সকলো আঁচনিয়েই গ্ৰাম্য এলেকাত ফেইল মৰা দেখা যায়৷