নিউজ ডেস্কঃ পৰিৱৰ্তনৰ শ্ল’গান আওৰাই শাসনৰ গাদীলৈ অহা ৰাজ্য চৰকাৰখনৰ শিক্ষা বিভাগ এতিয়া চৰম ব্যৰ্থ৷ উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত গছৰ তলত, মুকলি আকাশৰ তলত শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীয়ে৷ গভীৰ নিদ্ৰাত বিভাগীয় বিষয়া-কৰ্মচাৰী৷
যি সময়ত একাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে চহৰৰ নামী-দামী বিদ্যালয়ৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত শিক্ষা গ্ৰহণ কৰিছে, সেই সময়তে বাগসা জিলাৰ এইখন বিদ্যালয়ৰ ছা়ত্ৰ-ছাত্ৰীয়ে মুকলি আকাশৰ তলতে শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে৷ বিদ্যালয়খনৰ দুৰৱস্থাই উদঙাইছে সাম্প্ৰতিক শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ৷ ১৯৭২ চনতে স্থাপন হোৱা বিদ্যালয়খন ১৯৮০ চনত চৰকাৰীকৰণ হয় যদিও সম্প্ৰতিও পৰ্যাপ্ত শৈক্ষিক পৰিবেশ গঢ়ি উঠা নাই এই বিদ্যালয়খনত৷