newsnextone.com | গোৰেশ্বৰঃ বাম্পাৰৰ অফাৰৰ লোভ দি এইবাৰ দুষ্ট চক্ৰই লুটি লৈ গ’ল ৮৫০০ টকা৷ অনলাইন শ্বপিং কৰাৰ পিছত গ্ৰাহকে বাম্পাৰ অফাৰ লাভ কৰা বুলি গ্ৰাহকৰ নম্বৰলৈ ফোন আহে৷ আৰু এই ফোন ৰিচিভ কৰি যদি আপুনি বাম্পাৰ অফাৰ দিওতাৰ কথাত পতিয়ন যায়, তেন্তে তেওঁলোকে আপোনাক বুৰ্বক বনাই লুটি লৈ যাব আপোনাৰ বেংকৰ জমাৰাশি৷
বুধবাৰে বাক্সা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত কেৰ্পাভিঠা গাঁৱৰ হেমন্ত শৰ্মা নামৰ যুবকজনৰ পৰা অজ্ঞাত দুষ্ট চক্ৰই এনেদৰেই লুটি লৈ গ’ল ৮ হাজাৰ ৫০০ টকা।