newsnextone.com | ডিজিটেল ডেস্কঃ এইবাৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা নহয় ইফটাৰ পাৰ্টী৷ সম্পীৰ্ণ ১০ বছৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ইফটাৰ পাৰ্টী আয়োজন নকৰাৰ ঘটনা ঘটিব৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি ডা০ এপিজে আব্দুল কালামে নিজৰ কাৰ্যকালত ইফটাৰ পাৰ্টী আয়োজন কৰা নাছিল৷
বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দেও ইফটাৰ পাৰ্টী আয়োজনৰ বিৰোধিতা কৰে৷ ৰাষ্ট্ৰপতিগৰাকীৰ মতে কোনো ৰাজহুৱা ভৱনত কৰদাতাসকলৰ ধনেৰে কোনো ধাৰ্মিক অনুষ্ঠান আয়োজন কৰাটো ভুল৷ ৰাষ্ট্ৰপতিগৰাকীৰ এই সিদ্ধান্তৰ বিষয়ে জানিবলৈ দিয়ে ৰাষ্ট্ৰপতিৰ প্ৰেছ সম্পাদক অশোক মলিকে৷