newsnextone.com | চতিয়াঃ চৰকাৰৰ লগে লগে সলনি হৈ থকা বনমন্ত্ৰী সকলে গঁড় হত্যা ৰোধ কৰাৰ আশ্বাস প্ৰদান কৰি আহিছে৷ অসমৰ গৌৰৱ এশিঙিয়া গঁড পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে৷ তদুপৰি বন বিভাগৰ নিস্ক্ৰিয়তাৰ সুযোগ লৈ বনাঞ্চলত চোৰাং চিকাৰীয়ে অবাধে প্ৰৱেশ কৰি গঁড় হত্যা কৰি আহিছে৷ কিন্তু ইয়াৰ পিছতো চৰকাৰ ততা বন বিভাগে গঁড় হত্যা ৰোধ কৰিবলৈ সক্ষম নহোৱা দেখিবলৈ পোৱা যায়৷
কিন্তু এইবাৰ বন বিভগৰ সাফল্য দেখুৱাই দুজন চোৰাং গঁড় চিকাৰীক আটক কৰিবলৈ সক্ষম হয় বন বিভাগ আৰু বিশ্বনাথ জিলা আৰক্ষীয়ে৷ দুধৰ্ষ চোৰাং চিকাৰী দুজনে কাজিৰঙাত গঁড় চিকাৰ কৰিবলৈ অহা পথতে আটক হয়৷