newsnextone.com | গুৱাহাটীঃ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু একালৰ ঘনিষ্ঠ সহযোগী অনিল ৰাজাৰ মাজত প্ৰতিদিনে এটা এটা নতুন বিষয়ক লৈ আৰম্ভ হয় বাকযুদ্ধ৷ কংগ্ৰেছৰ নিলম্বিত নেতা অনিল ৰাজাৰ বিৰুদ্ধে শুকুৰবাৰে পুনৰ সংবাদমেল অনুষ্ঠিত কৰি সৰৱ হৈ পৰিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে অনিল ৰাজাই একালৰ সহযোগী ৰকিবুল হুছেইনে স্নাতক উত্তীৰ্ণ নোহোৱা বুলি দাবী কৰি ভুৱা প্ৰমাণ পত্ৰৰে নিৰ্বাচন খেলি অহা বুলি দাবী কৰে৷ ইমানে নহয় ৰকিবুল হুছেইনৰ বিধায়ক পদ খাৰিজ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল ৰাজাই৷ বিধান সভাৰ অধ্যক্ষক সাক্ষাৎ কৰি বিধায়ক পদ খাৰিজ কৰিবৰ বাবে দাবী জনাইছিল ৰাজাই৷ আনহাতে প্ৰাক্তন মন্ত্ৰীগৰাকীক স্নাতক পৰীক্ষাত উত্তীৰ্ণৰ প্ৰমাণ ৰাজহুৱা কৰিবলৈও প্ৰত্যাহ্বান জনাইছিল অনিল ৰাজাই৷ লগতে নিৰ্বাচন আয়োগক ভুৱা তথ্য দিয়াৰ অভিযোগ উত্থাপন কৰি অনিল ৰাজাই ৰকিবুলৰ বিৰুদ্ধে আদালতৰ কাষ চপাৰ ভাবুকি দিছিল৷