newsnextone.com | ডিজিটেল ডেস্কঃ এইবাৰ ন্যায়ালয় এৰি তামিলনাডুৰ ৰাজনীতিত নামি পৰিল বিতৰ্কিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ চিএছ কাৰনান৷ শুকুৰবাৰে কাৰনানে তেওঁৰ নতুন ৰাজনৈতিক দলটোৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ ‘উঝলুক্কু এধিৰাণা চেয়ালাক্কা কাটছি’ নাম দি তেওঁ গঠন কৰা নতুন ৰাজনৈতিক দলটোৰ অসমীয়া অৰ্থ হৈছে দুৰ্নীতি বিৰোধেী প্ৰগতিশীল দল৷
উল্লেখ্য যে, পূৰ্বে কলিকতা আৰু মাদ্ৰাছৰ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছল ন্যায়াধীশ চিএছ কাৰনানে৷ কিন্তু আদালতক অৱমাননা কৰাৰ অভিযোগত উচ্চতম ন্যায়ালয়ে তেওঁক দোষী সাব্যস্ত কৰি ৬ মাহৰ কাৰাদণ্ড বিহিছিল৷ যোৱা বছৰত তেওঁ কলিকতাৰ কাৰাগাৰত ৬ মাহ কাৰাবাস সম্পন্ন কৰে৷