newsnextone.xom | গুৱাহাটীঃ কাৰ্বি আংলঙৰ ডকমকাত দুই যুৱ শিল্পী নীলোত্পল দাস আৰু অভিজিৎ নাথক সোপাধৰাৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা কৰাৰ ঘটনাক চাঞ্চল্য মাৰনৌযাওঁতেই নগাঁও চহৰত একাংশ উদণ্ড যুৱকে বাইকত উঠি দল বান্ধি কাৰ্বি লোকৰ পৰা পৰিচয় পত্ৰ বিচৰা বুলি খবৰ আহিছে৷
নগাঁও-ডিফু বাছ আস্থান, তথা ৰাজপথত কাৰ্বি আংলং অভিমুখে যাব ওলোৱা যাত্ৰীবাহী বাছ ৰখাই কাৰ্বি লোকৰ সন্ধান কৰা বুলি জানিব পৰা গৈছে৷ ৰাজপথ আৰু একাংশ জনগোষ্ঠীয় অৱয়বৰ যুৱক-যুৱতীক পৰিচয় পত্ৰ বিচৰা বুলি খবৰ আহিছে৷ এই সমস্ত ঘটনা বিভিন্ন লোকে মোবাইলত আৱদ্ধ কৰা বুলিও জানিব পৰা গৈছে৷