61
আমগুৰিঃ মনোৰম কাৰ্বি আংলঙৰ প্ৰাকৃতিক শোভা উপভোগ কৰিবলৈ গৈ ডকমকাত শুকুৰবাৰে নিশা এচাম মানুহৰূপী দানৱৰ নৃশংসতাৰ বলি হোৱা নীলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ প্ৰতিভাৱান অসমীয়া যুৱক দুজনৰ মৃত্যুৰ বাতৰিয়ে সকলো লোককে মৰ্মাহত কৰি তুলিছে।
ডকমকাৰ এই নিৰ্মম ঘটনাৰ লগত জড়িত প্ৰতিজন অপৰাধীকে দৃষ্টান্তমূলক শাস্তিৰ দাবীত শিৱসাগৰ প্ৰেছ কৰেছপণ্ডেণ্টছ এছ’চিয়েছনৰ উদ্যোগত গৌৰীসাগৰৰ বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে এক মৌন প্ৰতিবাদী সমদল বাহিৰ কৰে।