newsnextone.com | গুৱাহাটীঃ কাৰ্বি আংলঙৰ ডকমকাৰ পাঞ্জুৰী নামৰ গাঁৱত একাংশ লোকে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে৷ দেওবাৰে ৰাজ্যজুৰি ৰাইজ ৰাজপথলৈ ওলাই আহি ডকমকা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
সোমবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ নেতৃত্বত গুৱাহাটী মহানগৰীৰ কাছাৰীঘাটত মৌন অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰে৷ কেইবাগৰাকী শিল্পী, জুবিন অনুৰাগী, জুবিন ফেনচ ক্লাৱৰ শ-শ সতীৰ্থৰ উপস্থিতিত এই প্ৰতিবাদ সাব্যস্ত কৰে জুবিন গাৰ্গে৷ মুখত কলা কাপোৰ বান্ধি মৌন অৱস্থান কৰে জুবিন গাৰ্গ আৰু জুবিন অনুৰাগীয়ে৷