newsnextone.com | গুৱাহাটীঃ গুগল মেপছ। কোনে অচিনাকি ঠাইলৈ গৈ বিপদত নপৰাকৈ এটুকুৰা ঠাই বিচাৰি চাব পাৰি৷ যদিহে হাতত এটা স্মাৰ্ট ফোন আৰু ইণ্টাৰনেট সংযোগ থাকে। কিয়নো ঠাই টুকুৰাৰ নামটো চাৰ্জ কৰিলেই ওলাই পৰে পথৰ নীতি নিৰ্দেশনা৷
কিমান কিঃ মিঃ কোন পথেৰে কেনেদৰে যাব লাগিব সকলো নীতি নিৰ্দেশনা থাকে৷ বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে আমাৰ দেশতো অধিক জনপ্ৰিয় হৈ পৰিছে গুগলৰ এই মেপ ফিচাৰ। এপ বেছড কেব ছাৰ্ভিছৰ আগমন ঘটাৰ লগে লগে এই গুগল মেপৰ ব্যৱহাৰ পূৰ্বতকৈ কেবাগুণে বৃদ্ধি পাইছে। সমগ্ৰ বিশ্ব, আমাৰ ভাৰত নতুবা অসম খনো সন্নিবিষ্ট হৈ আছে গুগল মেপছত৷