newsnextone.com | অভয়াপুৰীঃ দুই যুৱকৰ হত্যাকাণ্ডই ৰাজ্য উত্তাল কৰি থকাৰ সময়তে বঙাইগাঁও জিলাৰ অভয়াপুৰীত স্কুলৰ পৰা ঘৰলৈ আহি থকা এগৰাকী কিশোৰীক এজন যুৱকে ৰাজপথত বাট আগচি ধৰি অশ্লীল ব্যৱহাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইমানে নহয় সেই ফটো ছচিয়েল মিডিয়াত আপলোড কৰা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷
প্ৰায় ১৪ বছৰীয়া কিশোৰীগৰাকীয়ে চাইকেলেৰে আহি থকা অৱস্থাত হঠাৎ সন্মুখত থিয় দি কিশোৰীক ৰাজপথত ৰখাই অশ্লীল ব্যৱহাৰ কৰে আৰু বন্ধুক সকলো দৃশ্য মোবাইলত আৱদ্ধ কৰিব দিয়ে৷ বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত ছাত্ৰীকগৰাকীক তেনে ব্যৱহাৰ কৰাত অভয়াপুৰীৰ কেৰষাবাৰী নামৰ ঠাইৰ ছাত্ৰীগৰাকীয়ে ঘৰত উপস্থিত হৈ পৰিয়ালক এই কথা অৱগত কৰে৷