newsnextone.com | ৰঙিয়াঃ উত্তৰ পূৰ্বাঞ্চলক বঞ্চিত কৰাৰ অভিযোগত মঙলবাৰে ৰঙিয়াত কেন্দ্ৰীয় ৰেল মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে আছুৱে৷ ৰেলৱেত উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুকীয়া নিয়োগ মণ্ডল গঠন কৰাৰ দাবীত আৰু উত্তৰ পূৱৰ থলুৱা শিক্ষীত যুৱক-যুৱতীক বঞ্চিত কৰাৰ বিৰুদ্ধে ৰেল মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি ৰঙিয়া আছুই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনৰ সন্মুখত উপস্থিত হৈ ভাৰতীয় ৰেল বিভাগৰ বিৰুদ্ধে শ্ল’গান দি কেন্দ্ৰীয় ৰেল মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে। কাৰ্যসূচীত উপস্থিত থাকি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাসে ৰেল বিভাগৰ বিষয়াসকলে অসম বিৰোধী মনোভাব লৈ অসম তথা উত্তৰ পূৰ্বা অঞ্চল বিৰোধী লবিৰহৈ কাম কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে।