101
ডিজিটেল ডেস্কঃ ব্যতিক্ৰমী এটি ফেচবুক পেজ। পেজটোৰ নাম “Mr India”। ডিমা হাছাও জিলাৰ ‘ডেনিয়েল লাংথাছা নামৰ যুৱকজনে এই পেজটোৰেই আৰম্ভ কৰিছে সাংগীতিক বিপ্লৱ।
বিপ্লৱী শিল্পী সত্বা কঢ়িয়াই ফুৰা ডেনিয়েল নামৰ এই যুৱকজনে উক্ত পেজত পোষ্ট কৰিছে কেইবাটাও গীত৷ সন্ত্ৰাসবাদ, দুমুখীয়া ৰাজনীতিৰ পৰা আৰম্ভ কৰি একেবাৰে বিমুদ্ৰাকৰণলৈকে বিভিন্ন দিশ সামৰি প্ৰতিবাদী গীত গাই আহিছে ডেনিয়েলে।