newsnextone.com | কাজিৰঙাঃ মঙলবাৰে নিশাৰে পৰা হাহাকাৰ লাগিছে গোলাঘাট জিলাৰ কাজিৰঙা-বোকাখাত এলেকাত৷ নিশাৰে পৰা কাৰ্বি পাহাৰত বৰষুণ দি থকাৰ ফলত এটা ধল নামি আহি বোকাখাত-কাজিৰঙাৰ বিভিন্ন অঞ্চলত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰে। পুৱাৰে পৰা হঠাৎ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বিভিন্ন পথ ডুবাই পেৱলায়৷ বিভিন্ন অনুষ্ঠান, হোটেল, আদি প্লাৱিত কৰাত ৰাইজৰ আলাই-আথানিৰ সীমা নোহোৱা হয়৷
বোকাখাতৰ লতাবাৰীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত একাঁঠু পৰ্যন্ত পানী হোৱাত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে। উজনি-নামনিৰ যোগাযোগাৰ একমাত্ৰ গুৰুত্বপূৰ্ণ পথটো বানে বুৰাই পেলোৱাত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পূৱ আৰু পশ্চিম দিশে হাজাৰ-হাজাৰ যানবাহন আৱদ্ধ হৈ পৰাত যাত্ৰী সকলৰ মাজত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷