newsnextone.com | ডিজিটেল ডেস্কঃ সোমবাৰে কংগ্ৰেছে এখন সংবাদমেল অনুষ্ঠিত কৰি বৰ্তমান দেশৰ বিত্ত মন্ত্ৰী কোন বুলি প্ৰশ্ন উত্থাপন কৰে৷ বৰ্তমান দেশৰ বিত্তমন্ত্ৰী কোন স্পষ্ট কৰিবলৈ দাবী জনায় কংগ্ৰেছ নেতা মণিষ তিৱাৰীয়ে৷ এই প্ৰশ্ন উত্থাপন কৰি প্ৰধানমন্ত্ৰীৰ ৱেৱ ছাইটে এটা আৰু বিত্ত মন্ত্ৰালয়ৰ ৱেব ছাইটে আন এটা কৈ অহা বুলি দাবী কৰে কংগ্ৰেছে৷ ভিডিঅ’ কনফাৰন্স কৰি বাৰ্তা কৰি থকা প্ৰধানমন্ত্ৰীক এই কথা স্পষ্ট কৰিবলৈ কয়৷
তিৱাৰীয়ে অভিযোগ উত্থাপন কৰি আৰ্থিক অব্যৱস্থাৰ বাবে এইখন চৰকাৰৰ দিনত সামাজিক উন্নয়ন আৰু আৰ্থিক উন্নয়ন একেলগে হ’ব নোৱাৰে বুলি কৈ প্ৰধানমন্ত্ৰীয়ে স্থিতি স্পষ্ট কৰক বৰ্তমান দেশৰ বিত্তমন্ত্ৰী কোন বুলি প্ৰশ্ন উত্থাপন কৰে?