নতুন দিল্লীঃ কাশ্মীৰৰ এটা ক্ৰিকেট ক্লাবৰ সদস্যই পাকিস্তানৰ জাৰ্ছি পিন্ধি খেলপথাৰত নমাই নহয়, পাকিস্তানৰ ৰাষ্ট্ৰীয় সংগীত নেপথ্যত বাজি থকা ভিডিঅ’ এটা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতেই কেউজন কাশ্মীৰী যুৱককে আটক কৰিছে আৰক্ষীয়ে।
চুবুৰীয়া ৰাষ্ট্ৰখনৰ কাশ্মীৰ মিডিয়া চাৰ্ভিচ নামৰ এটা নিউজ প’ৰ্টেলে ভিডিঅ’টো আপলোড কৰাৰ পিছতে ক্লিপটো ভাইৰেল হৈ পৰে আৰু আৰক্ষীৰ দৃষ্টিগোচৰ হয়। কেন্দ্ৰীয় কাশ্মীৰৰ উপ আৰক্ষী অধীক্ষক গুলাম হাছান ভাটে কয় যে কেউজন যুৱককে জেৰাৰ বাবে আৰক্ষী চকীলৈ লৈ অহা হৈছে।