newsnextone.com | নলবাৰীঃ মঙলবাৰে নলবাৰী জিলাৰ চামতাত ৰাজ্য চৰকাৰৰ গ্ৰামীণ জীৱিকা অভিযান আঁচনিৰ উদ্যোগত এখন মহিলা সমাবেশ অনুষ্ঠিত হয়৷ জিলা প্ৰশাসন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ উদ্যোগত অনুষ্ঠিত মহিলা সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে৷ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ অনুষ্ঠিত সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অতীত স্মৰণ কৰি সমাৰোহত অংশ গ্ৰহণ কৰা মহিলাক প্ৰত্যক্ষ কৰি আইলৈ মনত পৰা বুলি কয়৷
মুখ্যমন্ত্ৰীয়ে কয় ‘‘আপোনালোকৰ হাতত সেই শক্তি আছে৷ বিশ্বৰ বুকুত অসমীয়া জাতিক শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰিব লগা হলে মহিলাসকলে অগ্ৰণী ভূমিকা পালন কৰিব লাগিব৷ আপোনালোকক ইশ্বৰে সেই মহান শক্তি প্ৰদান কৰিছে৷ আপোনালোকক প্ৰত্যক্ষ কৰি মোৰ আইলৈ মনত পৰিছে৷ যিগৰাকী আয়ে কেতিয়াও শিক্ষা গ্ৰহণ কৰা নাছিল৷ আজু ককাৰ পৰা পোৱা আধ্যাত্মিক শিক্ষাৰে নীতি শিক্ষাৰে আমাক লৰালি কালতে শিক্ষিত কৰিছিল৷’’ মুখ্যমন্ত্ৰীয়ে মহিলাসকলক অসমৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ কৈ চৰকাৰে সকলো সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷