newsnextone.com | মোৰাঝাৰঃ যোৱা ১২ ঘণ্টাত লাহে লাহে বানৰ প্ৰলয় কমিছে৷ তথাপি নিজৰ হেপাঁহৰ ঘৰখন এৰি এতিয়াও বহু লোকে আশ্ৰয় লব লগা হৈ আছে আশ্ৰয় শিবিৰত৷ এমুঠি ভাতৰ বাবে, এটুপি খোৱাপানীৰ বাবে আৰু এখন বস্ত্ৰৰ বাবে এতিয়া বানাক্ৰান্তৰ মাজত হাহাকাৰ৷ চৰকাৰে প্ৰদান কৰা সাহায্যৰ পৰিমাণো সীমিত৷
বানত জুৰুলা অসমৰ হাজাৰ হাজাৰ লোক এতিয়া ভোকত জুৰুলা৷ ভোক নামৰ পিশাচটোৰ বিৰুদ্ধে থিয় হব পৰাকৈ মঙলবাৰে বানবিধ্বস্ত
হোজাই জিলাৰ মোৰাঝাৰ ক্ৰীড়া সন্থাই যমুনামূখ সমষ্টিৰ যমুনামূখ, চাৰ্লক, পূৱ বগুৰি, নিগাৰিমূখ আদিত বানাক্ৰান্ত অঞ্চলত সাহায্য বিতৰণ কৰে৷