newsnextone.com | চাবুৱাঃ অসমৰ স্বাভিমানৰ এজন পুৰুষ হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা৷ অসমৰ ৰাজনীতি, সমাজনীতি, সংগীত, নাটক, কবিতা, সকলোতে তেওঁৰ প্ৰভাৱ পৰিষ্ফুট৷ অসমীয়াৰ সংহতিৰ পৰা অসমীয়াৰ সেউজ সোপনলৈ সকলোতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই নিজক প্ৰতিষ্ঠা কৰি থৈ যাবলৈ সক্ষম হৈছে৷
১৯০৯ চনৰ ৩১ জানুৱাৰীত জন্মগ্ৰহণ কৰা বিষ্ণু প্ৰসাদ ৰাভাই ১৯৬৯ চনৰ ২০ জুনত মৃত্যুক আঁকোৱালি লয়৷ অসমীয়া কৃষ্টি সংস্কৃতিলৈ তেওঁ থৈ যোৱা অৱদানৰ স্মৃতি স্বৰুপে মহান ব্যক্তিজনাৰ মৃত্যু দিনটোত সমগ্ৰ ৰাজ্যজুৰি ৰাভা দিৱস হিচাপে পালন কৰা হয়৷