newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ মুখ্য বিত্তীয় পৰামৰ্শদাতা অৰবিন্দ সুব্ৰমণিয়ামে বুধবাৰে নিজৰ পদৰ পৰা পদত্যাগ কৰে৷ ২০১৪ চনৰ অক্টোবৰৰ পৰা তেওঁ দেশৰ মুখ্য বিত্তীয় পৰামৰ্শদাতা হিচাপে নিয়োজিত আছিল৷ বুধবাৰে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ফেচবুক পোষ্টৰ জৰিয়তে সুব্ৰমণিয়ামৰ পদত্যাগ সন্দৰ্ভত অৱগত কৰে৷
কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীয়ে কয় যে মুখ্য বিত্তীয় পৰামৰ্শদাতা সুব্ৰমণিয়মে পুনৰ আমেৰিকালৈ উভটি যাব৷ জেটলীয়ে এটা টুইট কৰি অৰবিন্দ সুব্ৰমণিয়ামক ধন্যবাদো জ্ঞাপন কৰে৷