কলকাতাঃ ৰামনৱমীৰ দিনাই বে-আইনীভাৱে অস্ত্ৰ লৈ শোভাযাত্ৰা কৰা বিজেপিৰ পশ্চিমবংগ ৰাজ্যিক কমিটিৰ সভাপতি দিলীপ ঘোষৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ অধীনত ৰুজু হৈছে গোচৰ৷ খড়গপুৰ টাউন থানাত আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে এই গোচৰ৷ অভিযোগৰ ভিত্তিত এণ্টালি, পোস্তা আৰু ভৱানীপুৰ থানাতো গোচৰ ৰুজু হৈছে৷
গোচৰ ৰুজু হ’লেও বিষয়টোক গুৰুত্ব দিয়াৰ পৰা বিৰত আছে বিজেপিৰ নেতাজন৷ তেওঁৰ বক্তব্য, আইন কি কেৱল দিলীপ ঘোষৰ বাবেহে নেকি? ৰামনৱমীৰ দিনা সশস্ত্ৰ শোভাযাত্ৰাত খড়গপুৰৰ পৌৰপতিও জড়িত আছিল৷ এনেক্ষেত্ৰত কেৱল তেওঁক গ্ৰেপ্তাৰ কৰাতো আইনৰ ভুল বুলিও উল্লেখ কৰে নেতাজনে৷