গোৰেশ্বৰঃ কামৰূপ গ্ৰাম্য জিলাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ মুক্তাপুৰ শাখাৰ অন্তৰ্গত জয়কুছিৰ গ্ৰাহক সেৱা কেন্দ্ৰত যোৱা প্ৰায় ডেৰ মাহ ধৰি গ্ৰাহকে বেংক সেৱা লাভৰ পৰা বঞ্চিত হৈ আহিছে।
জানিব পৰা মতে গ্ৰাহক সেৱা কেন্দ্ৰটোৰ( চি এচ পি)পৰিচালক গৰ্গেশ্বৰ পাটোৱাৰীয়ে যোৱা ২২ ফেব্ৰুৱাৰীতে গ্ৰাহক সেৱা কেন্দ্ৰত শাৰীৰিক অসুস্থতাৰ বাবে কাম কৰিব নোৱাৰে বুলি এইচ এইচ টি মেচিনটো কৰ্তৃপক্ষক গতাই দিয়ে। উক্ত স্থানত নতুনকৈ ৰনজিৎ পাটোৱাৰীক চি এচ পি হিচাপে নিযুক্তি দিয়া বুলি গ্ৰাহকসকলে অৱগত হয়।