newsnextone.com | ডিজিটেল ডেস্কঃ এদিন পূৰ্বে জম্মু-কাশ্মীৰত পিডিপি-বিজেপিৰ মিত্ৰতা ভংগ হোৱাৰ পিছত বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ বিজেপি বিধায়ক তথা জম্মু-কাশ্মীৰৰ বিজেপি অধ্যক্ষ ৰবিন্দ্ৰ ৰাইনাক কোনো দুষ্ট চক্ৰই হত্যাৰ ভাবুকি প্ৰদান কৰিছে৷
বিধায়কগৰাকীক হত্যাৰ ভাবুকি দিয়া সন্দৰ্ভত তেওঁ কয়, ‘যোৱা কেইবামাহো ধৰি মোক হত্যা কৰাৰ ভাবুকি দি আহিছে৷ এয়াই নহয়, আজি মোলৈ কৰাচীৰ পৰা ধমকি দি ফোন আহিছে৷ মই এই বিষয়ে বিভাগীয় সংস্থাক অৱগত কৰিছে৷ তেওঁলোকে ইয়াৰ তদন্ত কৰিব৷’