Home ৰাজ্যটিউচনৰ পৰা ঘৰলৈ আহি থকা ১০ বছৰীয়া ছাত্ৰীক অপহৰণ-ধৰ্ষণ, ধৰ্ষিতা ছাত্ৰীৰ পিতৃৰ আত্মহত্যা

টিউচনৰ পৰা ঘৰলৈ আহি থকা ১০ বছৰীয়া ছাত্ৰীক অপহৰণ-ধৰ্ষণ, ধৰ্ষিতা ছাত্ৰীৰ পিতৃৰ আত্মহত্যা

by News Desk
54 views
A+A-
Reset

newsnextone.com | কোকৰাঝাৰঃ মানুহৰ কৰ্মকাণ্ডই আকৌ এবাৰ লজ্জানত কৰিলে সভ্য সমাজখনক৷ এইবাৰ নিজ কন্যাৰ সৈতে সংঘটিত অমানবীয় কাণ্ডক সহজেই লব নোৱাৰি এগৰাকী পিতৃয়ে আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিটিএডিৰ কোকৰাঝাৰ জিলাত৷ কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত বগুলাউৰা গাঁৱৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক একে গাঁৱৰে সকিম আলিৰ পুত্ৰ আজিজুৰ শ্বেখে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছতেই বৃহস্পতিবাৰে ধৰ্ষিতা ছাত্ৰীগৰাকীৰ পিতৃয়ে গ্লানি-মুখলজ্জাত চিপ লৈ আত্মহত্যা কৰাৰ দৰে কৰুণ ঘটনা সংঘটিত হৈছে। 

ধৰ্ষণৰ বলি হোৱা ছাত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত সদৰি কৰা মতে টিউচনৰ পৰা ঘৰলৈ উভতি অহাৰ পথত গাঁওখনৰে আজিজুৰ শ্বেখ (২০)নামৰ লম্পট যুৱকজনে গাড়ীত উঠাই নিয়ে। প্ৰথমে লম্পট যুৱকজনে পাহাৰীয়া অঞ্চল কৈমাৰী লৈ নি ধৰ্ষণ কৰে৷ তাৰ পিছতো কিশোৰীক আৱদ্ধ কৰি ৰাখে৷ পুনৰ বিলাসীপাৰাৰ হাজাৰীপাৰা অঞ্চললৈ নিয়ে ছাত্ৰীগৰাকীক৷ ততা পুনৰ ধৰ্ষণ কৰে৷ নিশা ধৰ্ষিতা ছাত্ৰীগৰাকীয়ে লম্পট যুৱকজনৰ কৱলৰ পৰা মুক্ত হৈ স্বগৃহত আহি উপস্থিত হয় আৰু সমগ্ৰ ঘটনা পৰিয়ালক অৱগত কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0